logo

কলিয়াবৰত হাজাৰী ভাওনাৰ আয়োজন

কলিয়াবৰত হাজাৰী ভাওনাৰ আয়োজন
=============================||

আহোম ৰাজত্ব কালত ৰাজ্যৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিগণিত হোৱা কলিয়াবৰে তাহানিৰ পৰা সাংস্কৃতিক দিশতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে।

আহোম স্বৰ্গদেউ সকলৰ পৰোক্ষ আৰু প্ৰত্যক্ষ পৃষ্ঠপোষকতাত আৰু শয়েক ভূঞা সকলৰ বিশেষ উদ্যোগত অষ্টাদশ শতিকাৰ মাজভাগৰ পৰা ছ অৰা এখন সত্ৰৰ পুণ্যভূমি, শংকৰী কৃষ্টিৰে উখল মাখল কলিয়াবৰত অনুষ্ঠিত হৈছিল মহামিলনৰ উৎসৱ হাজাৰী ভাওনা।

কালক্ৰমত বিভিন্ন কাৰণত এই উৎসৱ স্তিমিত হৈ পৰিলেও ছেগা-চোৰোকাকৈ অনুষ্ঠিত হৈ আহিছে।

সুদীৰ্ঘ ২২ বছৰৰ মূৰত এইবেলি চ'তৰ ৯, ১০, ১১ তাৰিখে (ইং ২৩, ২৪, ২৫ মাৰ্চ ২০২৪) নৱ প্ৰজন্মক এই বৰ্ণাঢ্য কৃষ্টিৰে চিনাকি কৰোৱাৰ উদ্দেশ্য আগত ৰাখি হাটবৰ হাজাৰ দৌল মন্দিৰ প্ৰাংগনত হাজাৰী ভাওনা উৎসৱৰ আয়োজন কৰা হৈছে।

কাৰ্যসূচী:
=========||

২৩/০৩/২০২৪ শনিবাৰ

পুৱা ৯ বজাত : পৰিবেশ নিকা কৰণ।
সন্ধিয়া ৭ বজাত: গন্ধবাদন।

২৪/০৩/২০২৪ ৰবিবাৰ

পুৱা ৫.৩০ বজাত : প্ৰাত: প্ৰসঙ্গ

পুৱা ৯ বজাত: পতাকা উত্তোলন।

১) মূল ধ্বজা উত্তোলক : শ্ৰীযুত কেশৱ মহন্ত সভাপতি, হাজাৰী ভাওনা পৰিচালনা সমিতি।
২) হাজাৰ সমুহৰ ধ্বজা উত্তোলক : সংশ্লিষ্ট হাজাৰৰ সভাপতি সকল।

পুৱা ৯:৪৫ বজাত স্মৃতি তৰ্পণ:
প্ৰাৰম্ভক-- কাৰ্যকৰী সভাপতি দ্ৱয়, হাজাৰী ভাওনা পৰিচালনা সমিতি।

পুৱা ১০ বজাত: সাংস্কৃতিক শোভাযাত্ৰা
উদ্বোধক: শ্ৰী মণিমাধব মহন্ত, ডেকা সত্ৰীয়া, শ্ৰী শ্ৰী বালিসত্ৰ, কলিয়াবৰ।

পুৱা ১১ বজাত: নাম প্ৰসংগ।

বিয়লি ১ বজাত: প্ৰসাদ আৰু ভোগ বিতৰণ।

সন্ধিয়া ৬ বজাত:
ভাওনাৰ শিল্পী সকলক আদৰণি আৰু সন্মান গ্যাপন।

নিশা ৮ বজাত:
চাৰিওখন মণ্ডপত ভাওনা উদ্বোধন

১নং খলা (গোৱিন্দ মণ্ডপ)
ভাওনা: জৰাসন্ধ বধ
পৰিবেশন কৰিব উত্তৰ কলিয়াবৰ হাজাৰ
উদ্ৱোধক: শ্ৰীযুত পবিত্ৰ প্ৰাণ বৰা, সদস্য, সংগীত নাটক অকাডেমি।

২নং খলা ( নৰোত্তম মণ্ডপ)
ভাওনা: সুকৰ্ণ ৰজাৰ পুত্ৰ লাভ
পৰিবেশনা: চতিয়াল হাজাৰ।
উদ্ৱোধক: শ্ৰীযুত বিদ্যাসাগৰ, অধ্যক্ষ জ্যোতি চিত্ৰবন।

৩নং খলা ( পৰমানন্দ মণ্ডপ)
ভাওনা: ৰাম বিজয়
পৰিবেশনা: হাটবৰ হাজাৰ
উদ্ৱোধক: শ্ৰীযুত উৎপল শৰ্মা, সভাপতি সদৌ অসম ছাত্ৰ সন্থা।

৪নং খলা ( জয় হৰি মণ্ডপ)
ভাওনা: সীতা হৰণ বালী বধ
পৰিবেশন: একশৰণ ভাগৱতী সমাজ
উদ্ৱোধক শ্ৰীযুত হিৰুপ্ৰসাদ মহন্ত, অসম সত্ৰ মহাসভা।

২৫/০৩/২০২৪ সোমবাৰ

পুৱা ৫.৩০ বজাত : প্ৰাত: প্ৰসঙ্গ।

পুৱা ৭ বজাত : পৰিবেশ নিকাকৰণ।

পুৱা ১০.৩০ বজাত: নাম-প্ৰসঙ্গ।

দুপৰীয়া ১২.৩০ বজাত:
প্ৰসাদ বিতৰণ আৰু ভোগ গ্ৰহণ।

বিয়লি ২ বজাত: ধৰ্ম আলোচনা সভা

সঞ্চালক:
শ্ৰীযুত কেশৱ মহন্ত সভাপতি, হাজাৰী ভাওনা উৎসৱ ২০২৪।

মুখ্য অতিথি:
ড০ হিমন্ত বিশ্ৱ শৰ্মা মুখ্যমন্ত্ৰী অসম চৰকাৰ।
শ্ৰীযুত সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ভাৰত চৰকাৰ।
শ্ৰীযুত অতুল বৰা, কৃষি মন্ত্ৰী অসম চৰকাৰ।
শ্ৰী যুত বিমল বৰা, সাংস্কৃতিক মন্ত্ৰী, অসম চৰকাৰ।

নিৰ্দিষ্ট বক্তা:
ড০ প্ৰদীপ জ্যোতি মহন্ত গৱেষক লেখক, গুৱাহাটী।
ড০ কৰবী ডেকা হাজৰিকা, বিশিষ্ট লেখিকা।

বিশিষ্ট অতিথি:
শ্ৰীযুত গৌৰৱ গগৈ, সাংসদ, কলিয়াবৰ
শ্ৰীযুত গুণীন হাজৰিকা, প্ৰাক্তন অধ্যাপক কলিয়াবৰ মহাবিদ্যালয় ও প্ৰাক্তন উদ্যোগ মন্ত্ৰী, অসম চৰকাৰ।
শ্ৰীযুত দিপ্লুৰন্জন শৰ্মা, সাধাৰণ সম্পাদক, ভাজপা অসম।
শ্ৰীযুত লীজা তালুকদাৰ, মহকুমাধিপতি, কলিয়াবৰ।
শ্ৰীযুত ৰূপজ্যোতি দত্ত, মহকুমা আৰক্ষী অধীক্ষক, কলিয়াবৰ।

স্মৃতি গ্ৰন্থ উন্মোচক:
শ্ৰীযুত উপেন্দ্ৰ বৰকটকী, অৱসৰপ্ৰাপ্ত অধ্যাপক লামডিং মহাবিদ্যালয়।

সম্বৰ্ধনা:
শ্ৰীযুত পল্লৱ মিশ্ৰ, চাৰুকলা শিল্পী আৰু
প্ৰতিখন হাজাৰৰ দুগৰাকী বিশিষ্ট ব্যক্তি লৈ।

সন্ধিয়া ৬ বজাত :
ভাওনাৰ শিল্পী সকলক আদৰণি আৰু সন্মান গ্যাপন।

নিশা ৮ বজাত:
চাৰিওখন মণ্ডপত ভাওনা উদ্ৱোধন

১নং খলা (গোৱিন্দ মণ্ডপ)
ভাওনা: শৃংগী মুনিৰ অভিশাপ।
পৰিবেশনা: সোনাৰি গাঁও হাজাৰ
উদ্ৱোধক: শ্ৰীযুত দীপাংকৰ বিশ্ৱ দত্ত, সহকাৰী অধ্যাপক, পৰিবেশ কলা বিভাগ, শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়।

২নং খলা ( নৰোত্তম মণ্ডপ)
ভাওনা: পাণ্ডৱৰ ৰাজসুয় যগ্য।
পৰিবেশনা: পশ্চিম কলিয়াবৰ হাজাৰ।
উদ্ৱোধক: শ্ৰীযুত ফণী হাজৰিকা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ।

৩নং খলা ( পৰমানন্দ মণ্ডপ)
ভাওনা: ৰুক্মিণী হৰণ
পৰিবেশনা: সমন্বিত যুৱতীৰ্থ, কলিয়াবৰ।
উদ্ৱোধক: শ্ৰীযুত পৰাগ শৰ্মা, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়।

৪নং খলা ( জয় হৰি মণ্ডপ)
ভাওনা: পিতা-পুত্ৰৰ যুদ্ধ।
পৰিবেশন: বৰভগীয়া হাজাৰ।
উদ্ৱোধক শ্ৰীযুত ৰূপেশ্ৱৰ হাজৰিকা, শ্ৰীমন্ত শঙ্কৰদেৱ নাম ধৰ্ম সমাজ, কলিয়াবৰ।

উদ্যোক্তা সকলে সমুহ ৰাইজৰ উপস্থিতি একান্ত ভাবে কামনা কৰিছে।

15
2237 views